Show/Hide Keyboard Layout

ইমান ধুনীয়াকৈ

- দিপেন বৰুৱা

(পু)

ইমান ধুনীয়াকৈ

কোনে সৰজিলে, কোনে সৰজিলে

কোনে নামে দিলে জয়া !

তোকে আনিবলৈ

মনে যে বলীয়া, মনে যে বলীয়া

কৰিব নোৱাৰোঁ বিয়া !

 

(স্ত্ৰী)

বেয়া লাগে দেই !

 

আহ তই পিলিঙা

যাৱ তই পিলিঙা, যাৱ তই পিলিঙা

বাটৰ মৰে দুবৰি বন !

মোকে ঐ পিলিঙা

নিবকে লাগিলে, নিবকে লাগিলে

ভৰিব লাগিব ধন !

 

(পু)

দেহি ঐ !

 

তোকে ঐ নিবৰে মন

তোকে ঐ নিবৰে মন

যেনে তেনে কৰি

নিমে ঐ সাদৰি

লাগিলে ভৰিমে

ধন চেনাই কেঁচা সোণ !

তোৰে সমান হ’ব কোন

অ’ চেনাই ! অ’ সোণাই

লাগিলে ভৰিমে ধন !

 

(স্ত্ৰী)

এ সে হে হে!

 

আকাশত জুৰিলে

মলয়াত ঘূৰিলে, মলয়াত ঘূৰিলে

তাৰে যোৰে লগা পাৰ !

তয়ে যে পিলিঙা

মোকে নিব খোজ, মোকে নিব খোজ

কিমান ধন ভাঙিব পাৰ ?

 

(পু)

হয়নে ?

 

হালৰে বেচিমে চেনাই

কঁজলা দমৰা ! কঁজলা দমৰা !

গোহালীৰ বেচিমে গাই !

তেও যদি ধনেৰে চেনাই

জোৰাব নোৱাৰোঁ, জোৰাব নোৱাৰোঁ

বেচিম সুদৰৰে ভাই ।

 

(স্ত্ৰী)

ক’তে মৰোঁ মই !

 

এইবেলি বানে হে বান !

এইবেলি বানে হে বান !

এইবেলি ব’হাগত

নিব নোৱাৰিলে

দেহালৈ পৰিব টানে মূৰে কেঁচাসোণ

তোৰে সমান হ’ব কোন ?

অ’ মোৰে সোণাই ঐ

দেহালৈ পৰিব টান !

 

(পু)

জান ঐ !

 

এ ভনী জয়া মাই

হাতে কি শুৱনি !

এ ভনী জয়া মাই

ডবুৱা কটাৰী

এ ভনী জয়া মাই

ডাবে কি ম’হৰে ঘি !

এ ভনী জয়া মাই

এইবেলি চেনাই ঐ

এ ভনী জয়া মাই

চিন্তা নকৰিবি

এ ভনী জয়া মাই

ঘূৰি ব’হাগতে

নিমে ভনী জয়া মাই !

তোকে আনিবলৈ !

 

(স্ত্ৰী) ঐ !

(পু) তামোল-পান দিবলৈ !

(স্ত্ৰী) ঐ !

(পু) মোৰ হ’লে ককাই-ভাই নাই !

(স্ত্ৰী) আজৌ ...

 

হাঁহে বাটে বুলে

লুদুৰে পুদুৰে, লুদুৰে পুদুৰে

পাৰই বাটে বুলে ৰৈ

আমি বাটে বুলোঁ

চেও নিয়া আলিয়ে, চেও নিয়া আলিয়ে

লগৰ সমনীয়া, লগৰ সমনীয়া হৈ ।।

Hits: 2511